December 25, 2024 7:04 PM

views 28

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰদিন পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি খ্রীষ্টধর্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা হৈছে। এই উপলক্ষে গীৰ্জাঘৰসমূহ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। গুৱাহাটীৰ পাণবজাৰত থকা খ্ৰীষ্ট চার্চ, ব্যাপ্তিষ্ট চাৰ্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা আদি স্থানত থকা গীৰ্জাঘৰসমূহত আজি দুপৰীয়া আৰু সন্ধিয়া বৰদিনৰ সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হৈছে। নিশালৈ ঠায়ে ঠায়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত খ্ৰীষ্টা...

December 25, 2024 12:19 PM

views 78

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পবিত্র বৰদিন পালন

আজি পবিত্র বৰদিন। যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই উৎসৱত খ্ৰীষ্টধর্মী লোকসকলে নিজৰ উপাসনাস্থলী গীৰ্জাঘৰত সমবেত হৈ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে বৰদিন উদযাপন কৰিছে। যোৱা নিশাৰ পৰাই কেবলব ধ্বনি আৰু মনোমোহা আলোকসজ্জাৰে প্ৰতিটো গীর্জা মুখৰিত হৈ উঠিছে। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো অনাবিল উৎসাহেৰে বৰদিন পালন কৰা হৈছে। খ্ৰীষ্টধর্মী সকলৰ সমানে অন্য ধৰ্মৰ লোকেও এই উৎসৱত অংশগ্ৰহণ কৰি সমাজত শান্তি-সম্প্ৰীতিৰ বাৰ্তা দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গীৰ্জাঘৰসমূহত যোৱা নিশা প্রাক-বৰদিন ...

December 25, 2024 11:57 AM

views 32

ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে যীশু খ্ৰীষ্টৰ প্ৰেম আৰু সমন্বয়ৰ বাৰ্তা, ভাতৃত্ববোধৰ মনোভাৱ আৰু সকলোৰে কল্যাণৰ বাবে তেওঁ দিয়া শিক্ষাই এখন উন্নত পৃথিৱীৰ পথ পোহৰাই ৰাখিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে বৰদিনে আমাক ঐক্য আৰু শান্তি গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা বাৰ্তাত কৈছে যে, বৰদিনে আশা, দয়া আৰু কৰুণাৰ সাৰ্বজনীন বাৰ্তা বহন কৰে। তেওঁ কয়, যে যীশুখ্ৰীষ্টৰ শিকনিসমূহ ...

December 24, 2024 9:10 AM

views 29

ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ

বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যত খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত বৰদিনৰ আনন্দ-উল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গীৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্টী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। আজি মাজনিশাৰ পৰা গীর্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল পৰিৱেশন কৰা হ'ব। প্ৰভু যীশুৰ প্ৰশংসা আৰু স্তুতি গীতেৰে ইতিমধ্যে গীৰ্জাসমূহ মুখৰ হৈ পৰিছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে শিৱসাগৰ জিলাতো বৰদিনৰ আনন্দ-উল্লাস বিৰাজ কৰিছে। এই উপলক্ষে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় পুৰণি গীর্জা ৰূপে পৰিচ...