December 24, 2024 8:10 PM

views 13

খ্ৰীষ্টধর্মীসকলৰ পৱিত্ৰ বৰদিনৰ সমূহীয়া প্ৰাৰ্থনাৰ বাবে সজাই-পৰাই তোলা হৈছে গির্জাসমূহ

বিশ্বৰ খ্ৰীষ্টধর্মী লোকসকলৰ পৱিত্ৰ বৰদিন উপলক্ষে মাজনিশাৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ বাবে গির্জাসমূহ সজাই-পৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক' গির্জা, খ্ৰীষ্টানবস্তিৰ গির্জা, সোণাইঘূলিৰ গির্জা আদি বিভিন্ন গির্জা বর্তমান আলোকসজ্জা, খ্রীষ্টমাছ ট্ৰী, ৰং-বিৰঙী ফুল, তৰা আদিৰে সুশোভিত কৰা হৈছে আৰু কেৰলেৰে মুখৰ হৈ পৰিছে। খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসভৱনসমূহো আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁ...