July 14, 2025 7:48 PM

views 33

চৰাইদেউত আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা অভিযানত ১০জন লিংকমেন গ্ৰেপ্তাৰ

চৰাইদেউ জিলা আৰক্ষীয়ে আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত ১০জন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। পূৰ্বে আটকাধীন আলফাৰ লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলায়। সমাগত স্বাধীনতা দিৱসত সম্ভাৱ্য কূটাঘাত ৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। গ্ৰেপ্তাৰ হোৱা লিংকমেনসকল হৈছে চৰাইদেউ জিলাৰ সোণাৰিৰ হেল্কাটুপৰ শংকু দাস, চিৰাজউদ্দিন আলী, ইমৰাণ আলী, সুৰজিত দে, কামৰূপ জিলাৰ জালুকবাৰীৰ অসীম অধিকাৰী, দৰং জিলাৰ ছিপাঝাৰৰ ধৰ্মেন্দ্ৰ ডেকা, ওদালগুৰিৰ ধ্ৰুৱজ্যোতি বৈশ্য আৰু বলেন ডেক...

February 21, 2025 7:28 PM

views 23

ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত চৰাইদেউত জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি বিনিয়োগ আন্তগাথনি শীর্ষ সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীক বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগৰ অন্তৰ্গত বিভিন্ন ঔদ্যোগিক খণ্ডৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ প্ৰতিবেদনৰ বিষয়ে বিতংভাৱে অৱগত কৰে। এই সংক্ৰান্তত বৰ্তমানলৈকে ৬৯ খন প্রতিবেদন লাভ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে। অহা ২৫ ফেব্ৰুৱা...

December 7, 2024 8:52 PM

views 28

চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্রতিষেধক প্ৰদান কেন্দ্ৰত ডেৰ লাখতকৈও অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব । একেদৰে চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ ...

November 22, 2024 6:58 PM

views 29

অহা ২ ডিচেম্বৰৰ পৰা চৰাইদেউ জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

চৰাইদেউ জিলাত অহা ২ ডিচেম্বৰৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ নির্মূল কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ ১ লাখৰো অধিক লোকৰ ঘৰে ঘৰে এই অভিযান চলিব। স্বাস্থ্য বিভাগৰ বিশেষ দলে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী সুকলমে সম্পন্ন কৰাৰ বাবে চৰাইদেউৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সমাজ কল্যাণ, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লগতে শ্রম বিভাগৰ বিষয়া উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগকে তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব আ...

July 23, 2024 7:02 PM

views 45

চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো প্ৰায় নিশ্চিত

চৰাইদেউ মৈদাম ক্ষেত্রই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰই স্বীকৃতি লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। ২১ জুলাইৰ পৰা নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ ৪৬ সংখ্যক অধিৱেশনৰ যিকোনো এটা দিনত এই স্বীকৃতি ঘোষণাৰ সম্ভাৱনা আছে। ৩১ জুলাইলৈকে হ'বলগীয়া এই অধিৱেশনত ভাৰতকে ধৰি ১৫০ খন দেশে অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চৰাইদেউৰ মৈদাম ক্ষেত্ৰক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।

May 31, 2024 7:46 PM

views 22

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ ষষ্ঠ বার্ষিক বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ নিবেদন দাাস পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ সকলো অঞ্চল সামৰি সম্ভাৱ্য পথ দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত পর্যালোচনা কৰা হয়। পথ সুৰক্ষা সমিতিৰ সকলো সদস্যক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ লগতে অনাগত দিনত জিলাখনত দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে ৰাজপথত সুৰাপান কৰি যান-বাহন চলোৱা ...

April 9, 2024 8:16 PM

views 36

অহা ১১ এপ্রিল জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত চৰাইদেউত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১ এপ্রিল তাৰিখে দিনৰ ১০ বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। সেই দিনা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ ৩২৩, ৩৪১, ৩৪২, ৪৪৮, ৫০৬, ৩৫২ আদিৰ অন্তৰ্গত বিভিন্ন গোচৰৰ লগতে পাৰিবাৰিক কন্দলজনিত, দেৱানী, চেক বাউন্স, মটৰ দুৰ্ঘটনা আদি বিভিন্ন গোচৰ নিস্পত্তি কৰা হ'ব। চৰাইদেউ জিলা আইনসেৱা প্ৰাধীকাৰীৰ ফালৰ পৰা ইচ্ছুক ব্যক্তিসকলক নিষ্পত্তি কৰিব বিচৰা অমীমাংসিত গোচৰসম...