March 18, 2025 1:25 PM
14
চৰাইদেউ মৈদামত দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন
চৰাইদেউ মৈদামত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰাই উৰ্চগা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৪২ খন শৰাই উচৰ্গা কৰি স্বৰ্গদেউ চাওলু চুকাফাকে ধৰি ৩৯ গৰাকী স্বৰ্গদেউৰ পুন্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাক স্মৰণ কৰা হয়। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণাচতুর্থী তিথিত এই শৰাই উচৰ্গী অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। পৰম্পৰাগতভাৱে পালন কৰি অহা এই স্মৃতি তর্পণ অনুষ্ঠানে এইবাৰ ৭৪ বৰ্ষত ভৰি দিছে। কালি বিভিন্ন কাৰ্যসূচীৰ পাছত আজি টাই পৰম্পৰাগত ৰীতি-নীতিৰে বাফি পূজা সম্পন্ন কৰাৰ লগতে ৪২ খন পায়সৰ শৰাই উচৰ্গা কৰা...