April 29, 2025 7:34 PM

views 27

চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুল এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ’ব

চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী হাৱাৰগাঁৱত থকা নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখন এতিয়াৰে পৰা সৈনিক স্কুল ছ’চাইটিৰ অধীনত পৰিচালিত হ'ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ সৈনিক স্কুল ছ’চাইটিয়ে শেহতীয়াভাৱে ঘোষণা কৰা দেশৰ এশখন সৈনিক স্কুলৰ ভিতৰত চিৰাঙৰ নৰ্থ-ইষ্ট মিলিটেৰী স্কুলখনেও স্বীকৃতি লাভ কৰিছিল। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ ৰতন কুমাৰ ৰয়ে আজি বিজনী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায়। অসমৰ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক উপ...