January 9, 2025 8:39 PM January 9, 2025 8:39 PM
8
বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন
লোক কৃষ্টি গৱেষণা উন্নয়ন সমিতি তথা চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন কৰা হৈছে। আজি পুৱা মাঙ্গলিক কাৰ্যসূচীৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে স্বৰ্গদেউসকলৰ তৰ্পণ আৰু বান-ফি পূজা কৰা হয়। মহোৎসৱৰ আজি প্ৰথম দিনা খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰী যোগেন মহনে খাদ্যমেলাৰ উদ্বোধন কৰে। টাই-আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইয়ে গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলা...