December 11, 2024 8:17 PM December 11, 2024 8:17 PM

views 6

চিৰাঙৰ আমলাইগুৰি আদৰ্শ গাঁৱৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলঙৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ অন্তৰ্গত আমলাইগুৰি আদৰ্শ গাঁৱত আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গাঁওখনত আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ছিদলী বিধানসভা সমষ্টিৰ নৱ-নির্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই গাঁওখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলংখনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে বিধায়ক ব্ৰহ্মই গাঁওখনে চৰকাৰী নিয়ম অনুসৰি সোনকালে পূর্ণতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ বিধায়ক হিচাপে আদর্শ গাঁওখনৰ উন্নয়নত সহায় কৰিব বুলিও মন্তব্য কৰে ।