June 8, 2025 8:51 PM

views 80

বিহাৰৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছে বুলি কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানৰ মন্তব্য

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে যে বিহাৰৰ উন্নয়নৰ বাবে তেওঁ ৰাজনীতি কৰিছে। বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত অনুষ্ঠিত এখন দলীয় সভাত আজি ভাষণ দি তেওঁ লগতে কয়, যে বিহাৰ আৰু বিহাৰৰ জনতা প্ৰথম নীতিৰে তেওঁ সদায়ে কাম কৰি আহিছে। বিহাৰৰ পিছপৰা অৱস্থাৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছ দলেই মূলতঃ জগৰীয়া বুলি উল্লেখ কৰি তেওঁ কয়, যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত শেহতীয়াকৈ বিহাৰৰ জনতাৰ উন্নয়নৰ পথ ত্বৰান্বিত হৈ আহিছে। কেন্দ্ৰীয় মন্ত...

May 19, 2025 9:16 PM

views 46

খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছেঃ কেন্দ্ৰীয় মন্ত্রী চিৰাগ পাছৱান

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী চিৰাগ পাছৱানে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। তেওঁ লগতে কয় যে, বিহাৰৰ খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত লোকসকলে বিকশিত ভাৰত অভিযানত অৰিহণা যোগাব পাৰিব। পাটনাৰ জ্ঞান ভৱনত আয়োজিত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু বিক্রেতা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। পাছৱানে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ এই খণ্ডত যুৱক-যুৱতীসকলৰ বাবে বহুতো সুযোগ আছে, এই খণ্ডত যোগদান কৰি তেওঁলোকে চাক...

April 3, 2025 6:00 PM

views 47

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাসকলৰ স্বাৰ্থৰ অনুকুলেহে গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিব বুলিও সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নেতাগৰাকীয়ে উল্লেখ কৰে।