August 18, 2025 12:30 PM

views 16

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

চীনৰ বৈদেশিক মন্ত্ৰী তথা দেশখনৰ কমিউনিষ্ট দলৰ কেন্দ্ৰীয় সমিতিৰ সৰ্বোচ্চ গোটৰ সদস্য ৱাং য়ি আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় সন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈঠকত মিলিত হ'ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ৱাং য়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয় ।