May 1, 2024 8:10 PM

views 29

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ খহি পৰাৰ ফলত ২৪ জন লোকৰ প্ৰাণহানি

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত যোৱা নিশা ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত কমেও ২৪ জন লোকে প্ৰাণ হেৰুৱায়। দেশখনৰ চৰকাৰী বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, যোৱা নিশা প্ৰায় ২-১০ মিনিটত গোৱাংডং প্রদেশৰ মেইঝৌ চহৰ আৰু ডাবু অঞ্চলৰ মাজৰ ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত এই অঘটনটো ঘটে।