December 3, 2025 3:58 PM

views 15

কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ বাল্য বিবাহমুক্ত দেশ হিচাপে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব

■ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণ দেৱীয়ে কাইলৈ নতুন দিল্লীত ভাৰতক বাল্য বিবাহমুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ১০০ দিনীয়া সজাগতা অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিব। দিল্লীক বাল্য বিবাহমুক্ত ভাৰত অভিযানৰ এবছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ অধীনত বাল্য বিবাহ ৰোধ কৰাৰ সংকল্প গ্ৰহণ কৰা হ'ব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰেৰণাদায়ক কাহিনীসমূহক আলম হিচাপে লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। এই অভিযানৰ জৰিয়তে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ জনসাধাৰণ, প্ৰতিষ্ঠান আ...

November 27, 2025 7:49 PM

views 14

ৰাজ্যৰ বিভিন্ন ঠাইত আজি বাল্যবিবাহ মুক্ত ভাৰত কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন ঠাইত আজি বাল্যবিবাহ মুক্ত ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই উপলক্ষে উলিওৱা সমদলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই বাল্যবিবাহ প্ৰতিৰোধ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী, বিষয়া, মহিলা সংগঠন আৰু স্বেচ্ছাসেবী সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত সমাজৰ পৰা বাল্যবিবাহ নোহোৱা কৰাৰ লক্ষ্যৰে এশদিনীয়া বিশেষ ...

July 18, 2024 5:26 PM

views 28

অসম বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে

দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্রটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১ শতাংশ বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা অসমৰ আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজসমূহকো আহ্বান জনাইছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ আইনী পদক্ষেপৰ বাবে বাল্য বিবাহ হ্ৰাস পোৱা বুলি সমীক্...

June 18, 2024 6:28 PM

views 28

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।