December 14, 2024 9:03 PM
7
নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত
নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেছিয়া চৰকাৰৰ শীৰ্ষ বিষয়া আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নৌসেনাৰ মুৰব্বীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল শ্বাফ্রি শ্বামছ’ইদ্দিন; ইণ্ডোনেছিয়াৰ সশস্ত্র বাহিনীৰ অধিনায়ক জেনেৰেল আগুছ চুবিয়াণ্টো; আৰু ইণ্ডোনেছিয়াৰ নৌসেনাৰ মুৰব্বী এডমিৰেল মহম্মদ আলীৰ সৈতে বৈঠকত মিলিত হ’ব। এই আলোচনাই প্ৰতিৰক্ষা সহযোগিতাৰ বিস্...