July 19, 2025 12:00 PM

views 22

খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিব

■ ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণৰ সুবিধা প্রদানত অনুমোদন জনায়। খৰাংসদৃশ প...

July 18, 2025 1:14 PM

views 40

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমু...

July 18, 2025 10:31 AM

views 28

উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত

● এইবাৰ বাৰিষা কালত উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত অসমৰ ১৩ খন জিলা আছে। বতৰ বিজ্ঞান বিভাগে কোনো জিলাত স্বাভাৱিকতকৈ ৬০ পৰা ৯৯ শতাংশ কম বৰষুণ হ'লে ব্যাপক ঘাটি হোৱা জিলা বুলি গণ্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পহিলা জুনৰ পৰা ১৭ জুলাই সময়ছোৱাৰ বাবে জাৰি কৰা পৰিসংখ্যা অনুসৰি অসমৰ ১৩ খন জিলা বৰষুণৰ ব্যাপক ঘাটি হোৱা জিলাৰূপে পৰিগণিত হৈছে। ৰাজ্যৰ অন্য ১২ খন জিলাত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। অসমত এইবেলি বাৰিষা কালত ১৬ জুলাই পর্যন্ত স্বাভাৱিকতকৈ ...

July 18, 2025 10:22 AM

views 23

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ’বঃ মুখ্যমন্ত্ৰী

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই সৰুপথাৰ সমজিলা প্ৰশাসন আৰু বন বিভাগ তৎপৰ হৈছে। ইতিমধ্যে ড্ৰোণৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্রশাসন, চি আৰ পি এফ আৰু বন বিভাগৰ এটা দলে জৰীপ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে উৰিয়ামঘাটৰ প্ৰায় ৩ হাজাৰ বিঘাৰো অধিক বনাঞ্চলৰ ভূমি দখলকাৰীৰ কবলত থকাৰ তথ্য পোৱা গৈছে। অসম-নাগালেণ্ড সীমান্তৰ সোণাৰী বিল, পিঠাঘাট, খেৰবাৰী, দয়ালপুৰ, বিদ্যাপ...

July 17, 2025 8:51 PM

views 30

পাইকানত সংঘটিত ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রতিক্রিয়া প্ৰকাশ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ পাইকানত সংঘটিত ঘটনা সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰিছে। আজি আজাৰাত এটা অনুষ্ঠানৰ অৱসৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদৰ সময়ত কোনো লোকে আৰক্ষীক আক্রমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হ'ব। তেওঁ কয়, যে আৰক্ষীক আক্ৰমণ কৰা উচ্ছেদিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ শৰ্মাই আজি আজাবাব কেওটপাৰাৰ মনসা দেৱী মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কল্যাণার্থে দেৱীৰ চৰণত সেৱা আগবঢ়ায়। তেওঁ মন...

July 14, 2025 10:33 AM

views 29

বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠা আম চাপৰিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত- বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি বান সাহায্য শিবিৰসমূহৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা...

July 5, 2025 1:48 PM

views 26

বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব

● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত ভাগ ল'ব। ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত গ্রহণ কৰা উন্নয়ন প্রচেষ্টাসমূহৰ বুজ ল'ব। তেওঁ লগতে জনসাধাৰণৰ সৈতে সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মীৰ সৈতে বিটিচি নির্বাচন সন্দৰ্ভত মত বিনিময় কৰিব। ড০ শৰ্মাই কালি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ...

July 5, 2025 12:54 PM

views 26

নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত অসম

● অসমে যোৱা জানুৱাৰীৰ পৰা জুনৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণৰ উদ্দেশ্যে নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই সাফল্যৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।

June 30, 2025 6:38 PM

views 22

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক’ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শৰ্মাই আজি গোলাঘাট চৰকাৰী বেজ...

June 19, 2025 3:46 PM

views 25

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ...