June 19, 2025 11:21 AM June 19, 2025 11:21 AM

views 12

মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

● ৰাজ্য চৰকাৰৰ অভিলাসী আৰু জনকল্যাণমূলক আঁচনিসমূহ নির্ধাৰিত সময়ত ফলপ্রসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয়ৰ তৃতীয় পর্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আত্মনির্ভৰ অসম, এটি কলি দুটি পাত আঁচনি সময়মতে ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰা হয়। ড০ শৰ্মাই অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ত বাদ পৰি ৰোৱা যোগ্য হিতাধিকাৰীসকলৰ নাম পুনৰীক্ষণ...

June 10, 2025 6:41 PM June 10, 2025 6:41 PM

views 17

লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই হ'বলগীয়া দক্ষতা পৰীক্ষাসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে তেওঁ আজি বৰাক উপত্যকাৰ মন্ত্ৰী, বিধায়ক আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে অঞ্চলটোৰ উন্নয়নৰ সৈতে জড়িত এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই বৰাকৰ তিনিওখন ...

June 2, 2025 9:18 PM June 2, 2025 9:18 PM

views 10

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনা

অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি বিয়লি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ বিষয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে দুয়োখন ৰাজ্যৰ পাহাৰ খনন সম্পৰ্কত দুয়োখন ৰাজ্য চৰকাৰকে দিয়া জাননী সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্য...

May 22, 2025 11:53 AM May 22, 2025 11:53 AM

views 14

আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা সবলীকৰণ, অপবাধ অনুসন্ধান প্রক্রিয়া অধিক ক্ষিপ্ৰ কৰা আৰু আৰক্ষীৰ বাহিনীৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰিছে। কালি দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত দুদিনীয়া আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক অধিক জনমুখী, তৎপৰ আৰু দায়বদ্ধ কৰি তোলাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অভিযোগকৰণ সঞ্চালক গঠনৰো সিদ্ধান্ত গ্রহণ কৰে। এই পদক্ষেপে অপৰাধ অনুসন্ধান আৰু ফবিয়াদী প্রক্রিয়া অধিক কার্যকৰী তথা সুষম কৰি তুলিব।

May 22, 2025 11:46 AM May 22, 2025 11:46 AM

views 27

১ অক্টোবৰৰ পৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২২০ টকাৰ পৰা ২৫০ টকালৈ বৃদ্ধিৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

● ৰাজ্যত সংগীত মহোৎসৱ আয়োজনেৰে পৰ্যটনকেন্দ্রিক অর্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে অসম মন্ত্রীসভাই কালি উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনত অনুমোদন জনায়। এই অনুসৰি অহা ৮ ডিচেম্বৰত গুৱাহাটীত প্ৰথমখন বৃহৎ সংগীতানুষ্ঠানৰ আয়োজন কৰা হ'ব। আমেৰিকান ৰেপাৰ প'ষ্ট মেলনে এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ পাছত সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড় আদিতো এনে কনছাৰ্ট বা সংগীতানুষ্ঠানৰ আয়োজন ...

May 19, 2025 7:44 PM May 19, 2025 7:44 PM

views 6

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠকত অধ্যক্ষতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ, আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্রহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰ...

April 22, 2025 9:58 AM April 22, 2025 9:58 AM

views 30

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধেমাজি আৰু ডিগবৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে গাঁওবুঢ...

April 9, 2025 3:58 PM April 9, 2025 3:58 PM

views 12

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে'ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে'ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

March 27, 2025 11:27 AM March 27, 2025 11:27 AM

views 21

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ'বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকললৈ ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ সন্মান আগবঢ়াই আহিছে। এই পৰম্পৰা অব্যাহত ৰাখি অহা ৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ এই সন্মানসমূহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৈঠকত এই কাৰ্...

March 18, 2025 6:41 PM March 18, 2025 6:41 PM

views 10

শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ এছ এন দেৱ অসামৰিক চিকিৎ‍সালয়ত নতুন ক্রিটিকেল কেয়াৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। চিকিৎসালয়খনৰ ৬,৩৩৫ বর্গমিটাৰ এলেকা সামৰি ২৪ কোটি টকা ব্যয়সাপেক্ষে এই ৫০খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ভৱনটো নিৰ্মাণ কৰা হ'ব। এই ভৱনত অস্ত্ৰোপচাৰ কক্ষ, ডায়েলেছিছ কক্ষ, শিশু চিকিৎসা কক্ষকে ধৰি উন্নত মানৰ সকলো সা-সুবিধা থাকিব। মুখ্যমন্ত্রীয়ে এই ভৱনৰ আধাৰশিলা স্থাপন কৰি শিলচৰত ২০০খন বিছনাযুক্ত নতুন চিকিৎসালয় ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে...