November 20, 2025 9:24 PM

views 30

চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ ৪ গৰাকী, স্নাতক শিক্ষকৰ ১৭৭ গৰাকী, নিম্ন প্রাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৯৮ গৰাকী শিক্ষক আছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এ...

November 20, 2025 8:55 PM

views 24

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ’ব

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব...

November 18, 2025 1:12 PM

views 41

অসমলৈ ২০২৭ চনত প্ৰদৰ্শনৰ বাবে অনা হ’ব ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ

■ অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত কালি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংগ্ৰহালয়ৰ কৰ্তৃপক্ষৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সহযোগীসকলে সৃষ্টি কৰা এই আপুৰুগীয়া বস্ত্ৰখন লণ্ডনৰ সংগ্ৰহালয়ৰ পৰা অসমত ডেৰ বছৰৰ বাবে প্ৰদৰ্শন কৰিবলৈ অনা হ'ব। ইয়াৰ আগেয়ে খানাপাৰাত ইতিমধ্যে চৰকাৰে আবণ্টন দিয়া ভূমিত জে ডব্লিউ এছ ফাউণ্ডেচনে এটা অত্যাধুনিক সংগ্রহালয় গঢ...

November 17, 2025 7:23 PM

views 95

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ...

November 17, 2025 6:08 PM

views 23

ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপত ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ’বঃ মুখ্যমন্ত্ৰী

ড° ভূপেন হাজৰিকাৰ বছৰযোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেঁতুৰ সমীপতে ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমুর্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তি সাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনাইছে।

November 11, 2025 6:09 PM

views 23

কামৰূপ জিলাৰ মুঠ ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ মুঠ ৪ হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্ব পত্র প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে বি টি চি, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্রতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ...

November 4, 2025 11:02 AM

views 204

■ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ

■ স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা ধন ল’বলৈ কুণ্ঠাবোধ কৰে। যু...

October 28, 2025 10:44 AM

views 48

নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব: মুখ্যমন্ত্ৰী

■ ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড° শৰ্মাই নিযুত মইনা আঁচনিয়ে ২০২৫-২৬ বৰ্ষত ৰাজ্যৰ ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তে...

October 14, 2025 11:17 AM

views 47

ঝুমই বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৃহস্পতিবাৰে সম্বৰ্ধনা

● ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমই বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক পৰহিলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক- যুৱতীসকলক যোৱা ছেপ্তেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ'ল। সেয়ে পৰহিলৈ এইসকল যুৱক-যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি তেওঁ সদৰি কৰিছে।

October 10, 2025 1:38 PM

views 47

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যম...