August 24, 2025 5:55 PM August 24, 2025 5:55 PM

views 23

মাৰ্ঘেৰিটাত আত্মসহায়ক গোটৰ সদস্যাৰ মাজত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮ হাজাৰ ৩৭০ গৰাকী সদস্যাৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্রীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'...

August 21, 2025 6:54 PM August 21, 2025 6:54 PM

views 21

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ শর্মাই আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন ...

August 19, 2025 12:51 PM August 19, 2025 12:51 PM

views 45

বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ কচুগাঁৱত এখন জনসভাত অংশগ্ৰহণ কৰিছে। এই সভাত তেওঁ বি টি আৰৰ সমাগত পৰিষদীয় নিৰ্বাচনৰ বিজেপিৰ হৈ প্ৰচাৰ চলায়। জনতাক সম্বোধি তেওঁ কয়, যে বি পি এফ নাইবা ইউ পি পি এলৰ লগত আসন বুজাবুজিৰে বিজেপি বি টি আৰত নিৰ্বাচনত অৱতীৰ্ণ হ'লে বিজেপিৰ ভাগত পৰা আটাইকেইখন আসনত ৰাইজে দলটোক জয়যুক্ত কৰিব যদিও ৰাইজৰ কাম কৰিবৰ বাবে এয়া পর্যাপ্ত নহয়। সেয়ে বি টি আৰ বাসীৰ সামগ্রিক উন্নয়নৰ বাবে এইবাৰৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰি ৰাইজৰ কাম কৰাৰ সুবিধা দিবলৈ মুখ্যমন্ত্ৰ...

August 16, 2025 9:09 PM August 16, 2025 9:09 PM

views 21

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৌহার্দ্যপূর্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাজ্যৰ পাৰস্পৰিক বিকাশ সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত উভয় ৰাজ্যৰ উন্নয়ন আৰু সহযোগিতামূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।

August 8, 2025 10:19 AM August 8, 2025 10:19 AM

views 13

অংগনবাড়ী কর্মীলৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ৪৫ৰ পৰা ৫০ বছৰলৈ বৃদ্ধি

ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলক অংগনবাড়ী কর্মীলৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ৪৫ৰ পৰা ৫০ বছৰলৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যৰ বহু সংখ্যক অংগনবাড়ী সহায়িকা উপকৃত হ'ব বুলি উল্লেখ কৰে। মন্ত্রীসভাই ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ৮৫০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত ...

August 5, 2025 11:07 AM August 5, 2025 11:07 AM

views 10

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন

■ ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। কালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে চলিত বছৰৰ বাবে ৬৯ গৰাকী কৰ্মচাৰ...

August 4, 2025 7:16 PM August 4, 2025 7:16 PM

views 16

বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী মাজৰগাঁওত তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল সম্ভাৱনাৰ দিশত কাম কৰিবলৈ দলটো প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে। সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হোৱা এই ৰাজনৈতিক কুচকাৱাজৰ মাজতে অদালবাৰীৰ পৰা হাউলীলৈ যাত্ৰা কৰোতে বজা...

August 3, 2025 10:59 AM August 3, 2025 10:59 AM

views 10

ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচ বিহীনভাৱে অভিযান চলাই যাব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচ বিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ ওভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে...

July 28, 2025 6:15 PM July 28, 2025 6:15 PM

views 15

প্ৰধানমন্ত্ৰী মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ড০ শৰ্মাই প্রধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্রী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্রধানমন্ত্ৰীৰ এই ভ্রমণ ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই আশা প্রকাশ কৰে। ড০ শৰ্মাই ইয়াৰ পাছত নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নি...

July 24, 2025 7:18 PM July 24, 2025 7:18 PM

views 12

ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্রী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই প্রথমেই ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচন...