October 17, 2025 12:26 PM October 17, 2025 12:26 PM
21
ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অসম মন্ত্ৰীসভাৰ অনুমোদন
● অসম মন্ত্রীসভাই নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া ইউৰিয়া প্ৰকল্পৰ কাম কৰি থকা আছাম ভেলী সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে ১০ হাজাৰ ৬০১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই এম’নিয়া ইউৰিয়া প্ৰকল্পত বছৰি ১২ লাখ ৭ হাজাৰ মেট্রিকটন ইউৰিয়া সাৰ উৎপাদন হ’ব। তদুপৰি এই প্ৰকল্পই ৪৬০ গৰাকী স্থায়ী আৰু এহেজাৰ ৫০০ গৰাকী অস্থা...