December 26, 2025 8:38 PM

views 16

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জৰুৰী বৈঠক অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়।

December 22, 2025 10:19 PM

views 9

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩,৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩ হাজাৰ ৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি সম্পন্ন হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ নিযুক্তিৰ সংখ্যা কেতিয়াবাই অতিক্রম কৰিছে। তেওঁ কয় যে নিয়মীয়া পদত ১ লাখ নিযুক্তি দিয়াৰ উপৰি ঠিকাভি...

December 22, 2025 11:57 PM

views 10

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলা...

December 18, 2025 12:47 PM

views 15

অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয়: মুখ্যমন্ত্ৰী

● অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে। শ্রমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে যেতিয়া ঘৰৰ যুৱকজন ক’লৈ গৈছে সেয়া পৰিয়ালৰ লোকে জ্ঞাত হয়, তেতিয়া তাক মানৱ সৰবৰাহৰ দৃষ্টিৰে চাব পৰা নাযায়। কোনোবাই প্রলোভন দিলেহে মানৱ সৰবৰাহ বুলি গণ্য কৰা হয়। অস...

December 18, 2025 12:13 PM

views 17

ৰাজ্য চৰকাৰে পৰৱৰ্তী বৰ্ষত কৃষকৰ পৰা ১০ লাখ মেট্রিকটন ধান ক্রয় কৰিব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে পৰৱৰ্তী বৰ্ষত কৃষকৰ পৰা ১০ লাখ মেট্রিকটন ধান ক্রয় কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মৰাণত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ধান ক্ৰয়ৰ পৰিমাণ প্ৰতিবছৰ বৃদ্ধি কৰি গৈছে। বিগত বৰ্ষত ৰাজ্য চৰকাৰে কৃষকৰ পৰা প্ৰায় ৮ লাখ ৫০ হাজাৰ মেট্রিকটন ধান ক্ৰয় কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে চলিত বৰ্ষত কৃষকৰ সহায় হোৱাকৈ প্ৰতি কুইণ্টল ধান আৰু সৰিয়হৰ বাবে ন্যূনতম সমর্থন মূল্যতকৈ অতিৰিক্ত আর্থিক বোনাচ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। মন...

December 10, 2025 11:40 AM

views 25

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত২০২৫-২৬ বৰ্ষৰ বাবে ৩ লাখৰো অধিক হিতাধিকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আৱণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হ...

December 4, 2025 7:11 PM

views 13

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ...

November 29, 2025 10:11 PM

views 15

১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

● ১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে নিয়মৰ আধাৰত সময়সীমা নির্ধাৰণ কৰিছে।

November 17, 2025 5:51 PM

views 41

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্রখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্...

November 13, 2025 12:56 PM

views 36

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী

■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পর্যায়ক্রমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত ২৫ নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰীৰ গোটে প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফ...