October 13, 2024 8:21 PM

views 20

ৰাজ্যত যোৱা ৬ অক্টোবৰত নিযুত ম‍ইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যত যোৱা ৬ অক্টোবৰত নিযুত ম‍ইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰে। নৱেম্বৰ মাহৰ পৰা ডি বি টিৰ জৰিয়তে ছাত্ৰীসকলৰ বেংক একাউণ্টত ধন সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, নিযুত ম‍ইনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্ৰতিৰোধৰ উদ্দেশ্যে পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে পৰৱৰ্তী তিনিটা বৰ্ষত ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ...

August 9, 2024 11:56 AM

views 17

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ আঁচনি

ছাত্ৰী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰপ্ৰসাৰী লক্ষ্য আগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। আঁচনিখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বাল্য বিবাহ ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। বাল্য বিবাহ ৰোধৰ যুঁজখনত বৃত্তিগত শিক্ষাও এটা সমল বুলি উল্লেখ কৰি তেওঁ কয় যে, এনে শিক্ষাৰে কন্যাসকলক শিক্ষিত কৰিব পাৰিলে নিশ্চিত কর্মসংস্থাপন লাভ কৰিব বুলি পিতৃ-মাতৃসকল পতিয়ন যাব আৰু নিজ সন্তানৰ শিক্ষা অব্যাহত ৰাখি...