August 9, 2024 11:51 AM

views 15

ৰাজ্যৰ বানপীড়িত জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু জিলা আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰ্ণ দিয়াৰ লগতে পুনৰ সংস্থাপন নিশ্চিতকৰণ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি বানপীড়িত জিলাসমূহৰ অভিভাৱক মন্ত্ৰী তথা জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলক ক্ষতিপূৰ্ণ দিয়াৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে এইবাৰৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চলিত মাহৰ ভিতৰতে দুর্যোগ ব্যৱস্থাপনা বিধিৰ নিয়মানুসৰি ক্ষতিপূৰ্ণ দিব পৰাকৈ প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা ক্ষিপ্ৰতাৰে গ্ৰহণ ক...