December 10, 2025 11:40 AM December 10, 2025 11:40 AM

views 15

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত২০২৫-২৬ বৰ্ষৰ বাবে ৩ লাখৰো অধিক হিতাধিকাৰীক মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ’ব

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত কালি ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰী পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বকোৰ গান্ধী ময়দানত উদ্বোধন কৰে। ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰী পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বকোত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে অতি ন্যূনতম পৰিমাণত আৱণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হ...

December 4, 2025 7:11 PM December 4, 2025 7:11 PM

views 7

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ...

November 29, 2025 10:11 PM November 29, 2025 10:11 PM

views 8

১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

● ১৯৫১ চনৰ আগত অসমলৈ অহা লোকক ভূমি পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম বিধান সভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে চৰকাৰে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে নিয়মৰ আধাৰত সময়সীমা নির্ধাৰণ কৰিছে।

November 17, 2025 5:51 PM November 17, 2025 5:51 PM

views 26

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত ৫০০ বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূর্ণ বৃন্দাবনী বস্ত্রখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ ২০২৭ চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্...

November 13, 2025 12:56 PM November 13, 2025 12:56 PM

views 25

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ’ব: মুখ্যমন্ত্রী

■ ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা ২৫ নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি এই বিষয়টো লৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে এই বিষয়ত আলোচনা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পর্যায়ক্রমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত ২৫ নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰীৰ গোটে প্রতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফ...

November 13, 2025 12:13 PM November 13, 2025 12:13 PM

views 34

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই কয়...

November 11, 2025 7:25 PM November 11, 2025 7:25 PM

views 17

ৰহা বিধানসভা সমষ্টিৰ মহিলাসক উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাঙ্গীন কল্যাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্রীড়া সন্থা খেলপথাৰত আয়োজিত জনসভাত দিয়া বাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰহাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰমুখ ৰে'লৱে জংছন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী চাপৰমুখ ৰে'লৱে উৰণ সেতু উদ্বোধন কৰে। ৮৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ দৈৰ...

November 11, 2025 6:54 PM November 11, 2025 6:54 PM

views 18

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী

অসমত সন্ত্রাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 11, 2025 6:15 PM November 11, 2025 6:15 PM

views 23

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। তেওঁ কয়, যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্রয়োজন হ’লে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ-উল্লাস কৰি সন্ত্ৰাসবাদক সমর্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ প্ৰকাশ কৰে। দেশত যাতে সন্ত্রাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্রিত হ'ব লাগিব বুলি...

November 10, 2025 7:21 PM November 10, 2025 7:21 PM

views 13

গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয়, যে এই সুবিধা লাভ কৰিবলৈ হ'লে একোটা পৰিয়ালত সৰ্বাধিক দুটা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়...