October 26, 2024 1:34 PM
15
ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আহ্বান
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, ইয়াৰ জৰিয়তে মহিলাসকলৰ অভিজ্ঞতাসমূহ প্ৰকাশ পাব আৰু সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায়ক হ'ব। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, জিলা ন্যায়পালিকাসমূহৰ বাবে দেশজুৰি অনুষ্ঠিত পৰীক্ষাসমূহৰ জৰিয়তে নিযুক্তি লাভ কৰাসকলৰ ভিতৰত মহিলাৰ সংখ্যা ৫০ শতাংশতকৈও অধিক। ইয়াৰ জৰিয়তে ভৱিষ্যতে ন্যায়পালিকাৰ বিভিন্ন উচ্চ...