May 12, 2025 7:46 PM

views 63

চত্তিশগড়ত পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ মৃত্যুৰ ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তিশগড়ত পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ মৃত্যু হোৱাৰ ঘটনাত শোকপ্রকাশ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিহত লোককেইজনৰ নিকট আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। চত্তিশগড় ৰাজধানী ৰায়পুৰত কালি নিশা সংঘটিত পথ দুৰ্ঘটনাত ৯ গৰাকী মহিলা আৰু ৪ টি শিশুকে ধৰি ১৩ জন লোকৰ মৃত্যু হয়।