December 18, 2025 4:45 PM

views 16

ছত্তিচগড়ৰ চুকমা জিলাত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩ জন মাওবাদী নিহত

ছত্তিচগড়ৰ চুকমা জিলাত আজি সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩ জন মাওবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে জিলা সংৰক্ষিত বাহিনীৰ এটা দলে যোৱা নিশা চুকমা জিলাৰ কিষ্টাৰাম এলেকাত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছত অভিযান চলায়। আজি পুৱাৰ ভাগত চিংগানামাৰাগো অঞ্চলত সেনা আৰু মাওবাদীৰ মাজত গুলীয়াগুলী চলে। বৰ্তমানলৈকে সেই স্থানৰ পৰা ৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ অতিৰিক্ত দল নিয়োগ কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটোত ব্যাপক অভিযান অব্যাহত আছে।

October 12, 2025 11:22 AM

views 17

নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে

ভাৰতে বাওঁপন্থী সন্ত্ৰাসবাদৰ বিপক্ষে দীৰ্ঘদিন ধৰি চলাই থকা যুঁজৰ মাজতে কালি নিৰাপত্তা বাহিনীয়ে চত্তিশগড়ৰ দক্ষিণ বাষ্টাৰৰ-ডাণ্ট্ৰেৱাড়া জিলাত ৬টা সন্দেহজনক মাওবাদীক গ্ৰেপ্তাৰ কৰে। নিৰাপত্তা বাহিনীয়ে মাংগানাৰ পথত পুতি থোৱা এটা আই ই ডিও সফলতাৰে নিষ্ক্রিয় কৰে। মাংগানাৰ পথৰ সমীপত সন্দেহজনক মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা বাহিনীৰ পৰা তথ্য লাভ কৰাৰ পাছতেই বাৰচুৰ আৰক্ষী থানা, জিলা সংৰক্ষিত বাহিনী আৰু চি আৰ পি এফ এলেকাটোত যুটীয়াভাৱে অভিযান আৰম্ভ কৰে। অঞ্চলটোত মাওবাদী প্ৰভাৱ সম্পূৰ্ণৰূপে নাইকীয়া...