July 27, 2025 11:17 AM

views 69

চত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হয়। নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা ছেলফ লোডিং ৰাইফল সহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। বিজাপুৰ জিলাৰ দক্ষিণ-পশ্চিম প্রান্তত ভালে সংখ্যক মাওবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। অঞ্চলটোত কালি বিয়লিৰে পৰা সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ ম...

February 9, 2025 8:28 PM

views 41

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৩১ জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘর্ষত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। চত্তিশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংগলৰ উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বীজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানত মাওবাদীৰ এটা দলে বাহৰ পতাৰ তথ্য নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতেই নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি ...