September 21, 2024 10:48 AM

views 28

৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৰ অপৰাজিত ধাৰা অব্যাহত

হাংগেৰীৰ বুডাপেষ্টত চলি থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৱে অপৰাজিত ধাৰা অব্যাহত ৰাখি মুকলি শাখাৰ নৱম ৰাউণ্ডত উজবেকিস্তানৰ বিৰুদ্ধে ২-২ গলত ড্র কৰে। ইয়াৰ লগে লগে ভাৰতে ১৭ পইণ্টেৰে পদক তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। ইফালে মহিলা শাখাত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে ২-২ গলত ড্র হোৱাৰ পাছত ১৫ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয়।

September 19, 2024 12:30 PM

views 31

৪৫ সংখ্যক দবা অলিম্পিয়াদৰ সপ্তম ৰাউণ্ডত চীনৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে হাংগেৰীত অনুষ্ঠিত ৪৫ সংখ্যক দবা অলিম্পিয়াদৰ মুকলি শিতানৰ সপ্তম ৰাউণ্ডত কালি চীনক ২.৫১ দশমিক ৫ ফলাফলেৰে পৰাস্ত কৰে। ভাৰতৰ হৈ ডম্মা ৰাজু গুকেছে চীনা প্রতিদ্বন্দ্বী ৱেই ইক পৰাস্ত কৰাৰ বিপৰীতে ৰাউণ্ডৰ বাকী তিনিখন খেল ড্র’ৰে সমাপ্ত হয়। এই ফলাফলৰ সুবাদত মুকলি শিতানত ভাৰতীয় দলটোৱে মুঠ ১৪ পইণ্ট অৰ্জন কৰিছে। একেদৰে, ভাৰতীয় মহিলা দলটোৱেও জর্জিয়াৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ১৪ পইণ্ট লাভ কৰিছে। দুয়োটা দল এই পর্যন্ত প্রতিযোগিতাত অপৰাজিত হৈ আছে আৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে।

September 11, 2024 2:18 PM

views 24

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হৈছে। ১২ দিনীয়াকৈ হ'বলগীয়া প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। মুকলি শাখাত ১৯৩টা ৰাষ্ট্ৰীয় দলে পঞ্জীয়ন কৰাৰ লগতে মহিলা শাখাত ১৮১টা দলে প্রতিদ্বন্দ্বিতা কৰিব। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানৰ দল হিচাপে ভাৰতে মুকলি শাখাত প্ৰৱেশ কৰিব। ভাৰতৰ হৈ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ডি গুকেশ, বিশ্বৰ ৪নম্বৰ স্থানত থকা অৰ্জুন এৰিগাইচি আৰু ১২ নম্বৰ স্থানৰ খেলুৱৈ আৰ প্ৰাগনান'ধাই প্ৰতিযোগীতাত অৱতীৰ্ণ হ'ব। বি...

July 15, 2024 12:42 PM

views 29

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্...

July 12, 2024 12:31 PM

views 30

ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত তৃতীয় দিনৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৰ সম্পূৰ্ণ ৪ পইণ্টেৰে যৌথভাৱে শীৰ্ষস্থান

গুৱাহাটীৰ পানীখাইতিত অনুষ্ঠিত ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ কালি তৃতীয় দিনা চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৱে সম্পূৰ্ণ ৪ পইণ্ট অৰ্জনেৰে যৌথভাৱে শীৰ্ষস্থানত আছে। অন্ধ্ৰপ্ৰদেশৰ শীৰ্ষ বাছনিৰ কোশল, অসমৰ তৃতীয় বাছনি ধ্রুপদ কাশ্যপ, চতুর্থ বাছনিৰ অভিলেশ সৰকাৰ, অজয় কুমাৰ ৰায়, পুডুচেৰীৰ উমা শংকৰ, পশ্চিমবংগৰ চন্দ উজেইন আৰু আয়ুষ দাসে ৪ পইণ্ট লাভ কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখন পৰহিলৈ সামৰণি পৰিব।

May 12, 2024 8:09 PM

views 20

ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দৰ জয়লাভ

ভাৰতৰ ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰোৱেৰ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ইপিনে চীনৰ ৱেই য়ী ২০.৫ পইণ্টৰ সৈতে প্রতিযোগিতাৰ শীৰ্ষ স্থানত আছে। প্রতিযোগিতাখনত আৰু ৯টা ৰাউণ্ডৰ খেল বাকী আছে যদিও প্রথম দিনা ৭ খন খেলত জয় লাভ কৰি ৱেই য়ীয়ে ইতিমধ্যে ২০. ৫ পইণ্ট লাভ কৰিছে। আনহাতে নৰোৱেৰ মেগনাছ কার্লছেনে ১৮ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে প্ৰজ্ঞানানন্দই ১৪.৫ পইণ্ট লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে।

May 2, 2024 12:56 PM

views 27

ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান

◊ভাৰতৰ তাৰকা দবা খেলুৱৈ বৈশালী ৰমেশ বাবুক আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচন, এফ আই দি ই-য়ে আনুষ্ঠানিকভাৱে গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। বৈশালী হ'ল কনাৰু হাম্পি আৰু হৰিকা দ্ৰোণাৱলীৰ পাছত এই উপাধি লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় মহিলা গ্রেণ্ডমাষ্টাৰ। বৈশালীয়ে স্পেইনত বিগত বৰ্ষত অনুষ্ঠিত ল’ব্রেগাট অ'পেন দবা প্রতিযোগিতাত প্রয়োজনীয় আঢ়ৈ হাজাৰ ই এল অ' পইণ্ট সম্পূৰ্ণ কৰিছিল। অৱশ্যে যোৱা মাহত টৰণ্টোত কেণ্ডিডেটছ্ টুর্ণামেণ্টৰ সময়ত আয়োজিত ফেডাৰেশ্যনৰ পৰিষদৰ বৈঠকৰ পাছতহে খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে এই উপ...