June 3, 2025 1:18 PM

views 10

নৰ’ৱে দবা প্রতিযোগিতাত অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত ডি গুকেশৰ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেনজাৰ চিটীত চলি থকা নৰ'ৱে দবা প্রতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অর্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ১৯ বর্ষীয় গুকেশে বগা গুটিৰে খেলি কালিৰ খেলখনত বিজয় অর্জন কৰে। ইয়াৰ আগৰ খেলখনত গুকেশে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰিছিল। ক্রমাগতভাৱে দুখন খেলত অৰ্জন কৰা বিজয়ৰ সুবাদত গুকেশে কালচেনক অতিক্ৰম কৰি প্ৰতিযোগিতাৰ পই...

May 18, 2025 12:24 PM

views 17

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সদৌ অসম আন্তঃজিলা ভিত্তিত দবা প্রতিযোগিতা অনুষ্ঠিত

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় ইন্দোৰ ষ্টেডিয়ামত দবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। সদৌ অসম আন্তঃজিলা ভিত্তিত ৭, ৯ আৰু ১১ বছৰ অনুৰ্ধৰ তিনিটা শাখাত এই প্রতিযোগিতাখন পূর্ণগতিত চলি আছে। ৰাজ্যৰ বিভিন্ন জিলাত ৩৫০ গৰাকী প্রতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা পঞ্চম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈছে। প্ৰতিযোগিতাখনৰ বাকী থকা ৰাউণ্ডৰ খেল আজি অনুষ্ঠিত হৈছে আৰু বিয়লিৰ ভাগলৈ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।

September 15, 2024 6:58 PM

views 19

বুডাপেষ্টৰ ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত ভাৰতীয় দলৰ বিজয়ধাৰা অক্ষুণ্ণ

বুডাপেষ্টত অনুষ্ঠিত ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত কালি চতুৰ্থ ৰাউণ্ডৰ মুকলি আৰু মহিলা দুয়োটা শাখাতে ভাৰতীয় দলটোৱে ৩.৫ আৰু ০.৫ ফলাফলত বিজয় সাব্যস্ত কৰে। মুকলি শাখাত ভাৰতীয় দলটোৱে ছাৰবিয়াক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় মহিলা দলে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰে। খেলখনৰ আজি পঞ্চম ৰাউণ্ডত মহিলা দলটো কাজাখস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মুকলি শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটো আজাৰবাইজানৰ মুখামুখি হ'ব।

July 25, 2024 6:55 PM

views 19

গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ডবা প্রতিযোগিতাৰ সামৰণি

গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত থকা শিক্ষাভৱনত গুৱাহাটী চিটী ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ৭ বছৰ অনূর্ধ, ১১ বছৰ আৰু ১৫ অনূর্ধ শাখাৰ বাবে ডবা প্রতিযোগিতাৰ আজি সামৰণি পৰে। ৭ বছৰ তলৰ ল'ৰাৰ শাখাত আদ্বিক বণিকে চেম্পিয়নৰ খিতাপ লাভ কৰে। আনহাতে জিছান কাশ্যপে টাইব্রেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান আৰু ৰেবংশ শৰ্মাই তৃতীয় স্থান লাভ কৰে। ছোৱালী শাখাত আদ্বিকা গিৰি চেম্পিয়ন হৈছে। এই শাখাত দৰথী পাটগিৰিয়ে দ্বিতীয় আৰু নিষ্ঠা অংকিতাই তৃতীয় স্থান লাভ কৰে। ১১ বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত হৰ্ষদ্বীপ ডেকা আৰু ছোৱালীৰ শাখাত ঋ...