December 29, 2025 12:18 PM

views 23

ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিৰ ব্ৰঞ্জৰ পদক

দোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেন আৰু আলেকজেন্দ্ৰা গ'ৰয়াছকিনাই খিতাপ জয় কৰে। কনেৰু হাম্পিয়ে ২০১৯ আৰু ২০২৪ চনৰ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

December 27, 2025 7:46 PM

views 29

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাত ৩ গৰাকী গ্ৰেণ্ড মাষ্টাৰক পৰাস্ত কৰে

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে তিনিগৰাকী গ্ৰেণ্ড মাষ্টাৰ আলেকজেণ্ডাৰ ইন্দজিক, অৰবিন্দ চিদাম্বৰম আৰু টেইমুৰ ৰাদজাবভক পৰাস্ত কৰে। গৌতমে অন্য দুজন খৈলুৱৈৰ বিৰুদ্ধে ডু খেলে আৰু প্ৰতিযোগিতাৰ প্ৰথম দিনা অপৰাজেয় হৈ ৰয়। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত এদিনতে ৬.০ ৰেটিং পইণ্ট অৰ্জন কৰে। প্ৰথম দিনৰ খেলৰ অন্তত গৌতম প্ৰতিযোগিতাৰ অগ্ৰণী খেলুৱৈ মেগনাছ কালছেন, দি গুকেছ আৰু অৰ্জুন এৰিগেইছিতকৈ আধা পইণ্টত পিছপৰি আছে।

November 6, 2025 11:59 AM

views 44

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত কৰাৰ লগতে এৰিগেইছিয়ে বুলগেৰিয়াৰ মার্টিন ভেক ২-০ ফলাফলত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হয়। হৰিকৃষ্ণাই গ্ৰেণ্ডমাষ্টাৰ আৰ্ছেনি নেষ্টৰোভক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্...

August 21, 2025 5:47 PM

views 20

SINQUEFIELD CUP দবা প্ৰতিযোগিতাত তৃতীয় ৰাউণ্ড অমীমাংসিতভাৱে সমাপ্ত

SINQUEFIELD CUP দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত বিশ্ব চেম্পিয়ন ডি গোকেশ আৰু ৱাইল্ড কার্ডৰ জৰিয়তে অংশগ্ৰহণৰ সুযোগ লাভ কৰা আমেৰিকাৰ ছেমুৱেল ছেবিয়নৰ মাজৰ খেলখন কালি অমীমাংসিতভাৱে সমাপ্ত হয়। ভাৰতৰ আৰ প্রজ্ঞানন্দা আৰু উজবেকিস্তানৰ নোদীৰবেক অব্দুস্তটোৰোভৰ মাজৰ খেলখনো অমীমাংসিতভাৱে সমাপ্ত হয়। প্রজ্ঞানন্দাই বৰ্তমানলৈ খেলা দুয়োখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে যদিও খেলুৱৈগৰাকী আমেৰিকাৰ ফেবিয়ান' কাৰুৱানা আৰু লেৱোন এৰ’নিয়নৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত আগবাঢ়ি আছে।

July 28, 2025 9:18 PM

views 30

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্রীমতী মুৰ্ম...

July 15, 2025 12:09 PM

views 19

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলী ফিডে মহিলা দবা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলীয়ে জর্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা দবা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত টাই-ব্ৰেকত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখো ইতিমধ্যে প্রি- কোৱাৰ্টাৰ ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। পূৰ্বৰ গেমসমূহ ড্র' হোৱাৰ পাছত ১০+১০ ৰেপিড টাই-ব্ৰেকত বৈশালীয়ে আমেৰিকাৰ কেৰিছা য়িপক পৰাস্ত কৰে। খেলুৱৈগৰাকী পৰৱৰ্তী খেলত ডিফেণ্ডিং চেম্পিয়ন আলেকজেণ্ডাৰ গোৰিয়াচকিনাক নক আউট কৰা কাজাখস্তানৰ মেৰুৱেৰ্ট কামালিডেনোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপি...

March 16, 2025 1:23 PM

views 24

২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন

কাজিৰঙাত অহা ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্রতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। কঁহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত ১০ বছৰ অনুৰ্ধ, ১৫ বছৰ অনুৰ্ধৰ আৰু মুকলি শাখাত এই প্রতিযোগিতা হ'ব। প্ৰতিটো শাখাৰ প্ৰথম ৫ গৰাকী বিজয়ীয়ে এক লাখতকৈ অধিক মূল্যৰ পুৰস্কাৰ লাভ কৰিব। মহোৎসৱৰ প্ৰথম দিনা স্থানীয় শিক্ষাৰ্থীসকলৰ বাবে দবা কৰ্মশালা...

October 26, 2024 6:40 PM

views 26

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুনী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সুদক্ষ দবা খেলুৱৈ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিপুল শর্মাই প্রতিযোগিতাখন আজি উদ্বোধন কৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ এসময়ৰ সুদক্ষ দবা খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জনোৱা হয়।

September 23, 2024 1:40 PM

views 22

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই দবা খেলৰ নতুন প্ৰজন্মক খেলত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।

September 23, 2024 12:37 PM

views 29

দবা অলিম্পিয়াদত ভাৰতীয় দবা দলৰ স্বৰ্ণ পদক লাভ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াদত ভাৰতীয় দবা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ মুকলি শাখাত ঘৰুৱা দলটোৱে স্বৰ্ণ পদক লাভ কৰে। অন্তিম ৰাউণ্ডত ৰমেশ বাবু প্রজ্ঞানন্দ আৰু ডি গুকেশৰ পুৰুষ দলটোৱে শ্লোভেনিয়াৰ দলটোক পৰাস্ত কৰে। এই খেলখনৰ পূৰ্বে ভাৰতীয় দলটোৱে ১০ ৰাউণ্ডৰ অন্তত ১৯ পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ডি হৰিকা, দিব্যা দেশমুখ, বৈশালী আৰু বন্তিকা আগৰৱালাৰ ভাৰতীয় মহিলা দলটোৱে স্বর্ণ পদক লাভ কৰি অন্তিম ৰাউণ্ডত আজাৰৱাইজানৰ দলটোক পৰাস্ত কৰে।