August 22, 2025 7:56 PM August 22, 2025 7:56 PM

views 4

নলবাৰীত আত্মসহায়ক গোটৰ সদস্যাসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিগত এক এপ্ৰিলত বিহালী সমষ্টিত অনুষ্ঠিত এটা কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছিল। নলবাৰীৰ পি এম শ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত আজি অনুষ্ঠানত আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাসকলক প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ উদ্যমিতা পুঁজি প্ৰদান কৰ...