January 16, 2026 7:52 PM

views 11

পলাশবাৰী আৰু কমলপুৰৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত ১০ হাজাৰ টকাকৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰী সমষ্টিৰ ৩৬ হাজাৰ ৫১ গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ পুৰণি এৰী-মুগা শিল্পৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰি থকাৰ বি...