May 24, 2025 6:26 PM

views 24

সদৌ অসম দবা সন্থাৰ উদ্যোগত আজিৰে পৰা অসম দবা প্ৰিমিয়াৰ লীগ অনুষ্ঠিত

সদৌ অসম দবা সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অসম দবা প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হৈছে। উদ্যোগপতি সঞ্জীৱ নাৰায়ণে উদ্বোধন কৰা প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত ৫ জন গ্ৰেণ্ডমাষ্টাৰ আৰু ৭ জন ইণ্টাৰনেচনেল মাষ্টাসহ ৫৬ গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সৰ্বভাৰতীয় দবা সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত কুমাৰ বাৰ্মা, জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা আৰু অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ উপস্থিত থাকে।