January 23, 2026 7:55 PM
2
ছট্টিচগড়ৰ ধামদাৰী জিলাত ৯ জন মাওবাদীৰ আত্মসমর্পণ
ছট্টিচগড়ৰ ধামদাৰী জিলাত আজি ৯ জন মাওবাদীয়ে আত্মসমর্পণ কৰে। এই সকলৰ ৭ গৰাকী মহিলা। তেওঁলোকক কৰায়ও কৰিব পাৰিলে ৪৭ লাখ টকাৰ ধনৰাসী পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। মাওবাদীসকলে আজি ৰায়পুৰ ৰেঙৰ আৰক্ষী মহা পৰিদৰ্শক অমৰেচ মিশ্ৰা আৰু ধামদাৰী জিলাৰ আৰক্ষী অধিক্ষক সুৰজ সিং পৰিহাৰৰ ওচৰত আত্মসমর্পণ কৰে। তেওঁলোকে বহু অস্ত্র শস্ত্র সম্বৰণ কৰে। আৰক্ষী সুত্ৰই জনোৱা মতে এই মাওবাদীসকলে বহু দিন ধৰি ৰাজ্যখনৰ চিতা নদী অঞ্চলৰ লগতে নাগ্রী, মইনপুৰ আৰু গোৱা অঞ্চলত সন্ত্রাস চলাই আহিছিল।