July 23, 2024 10:37 AM

views 19

স্কটলেণ্ডৰ ছাৰ্লি কাছেলৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ

স্কটলেণ্ডৰ ছাৰ্লি কাছেলে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক মেচত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ অভিলেখ গঢ়িছে। বেগী বলাৰগৰাকীয়ে কালি পুৰুষৰ আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ লীগ-২ত ডাণ্ডিত ওমানৰ বিৰুদ্ধে ২১ ৰানত ৭টা উইকেট দখল কৰে। কাছেলে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ ৰাবাডাই ২০১৬ চনত বাংলাদেশৰ বিৰুদ্ধে খেলা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত ১৬ ৰানত ৬টা উইকেট লাভ কৰাৰ অভিলেখ ভংগ কৰে। ৰাবাডাৰ উপৰি ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ ফিডেল এডৱাৰ্ডেও নিজা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত ২২ ৰানত ৬টা উইকেট দখল কৰিছি...