January 11, 2026 12:15 PM

views 21

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পর্যটকৰ সমাগম হৈছে। কালি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্রা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ কালি শোভাযাত্রাই সকলোকে আপ্লুত কৰে। সহস্রাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্রতিকী ৰাজসভা অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত...

January 12, 2025 11:56 AM

views 16

ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত সোমবাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰিব

ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত কাইলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতিপত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকী এই সন্মান গ্রহণৰ বাবে ইতিমধ্যে ফ্রান্সলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভব ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্...