September 24, 2024 7:36 PM September 24, 2024 7:36 PM
4
চৰাইদেউৰ চাহ বাগিচাৰ শ্ৰমিকক দুর্গা পূজাৰ বোনাচ প্ৰদান সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে জিলা আয়ুক্ত কাৰ্যালয়ত বৈঠক
চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক সমাগত দুর্গা পূজাৰ বোনাচ সুচাৰুৰূপে প্ৰদান কৰা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে বোনাচ প্ৰদান প্ৰক্ৰিয়া চলিত মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে বোনাচ প্ৰদান কৰাৰ পূৰ্বে আগতীয়াকৈ আৰক্ষী বিভাগৰ সৈতে যোগাযোগ কৰি নিৰাপত্তাৰ সুবিধা গ্ৰহণ কৰিবলৈ কয়। উল্লেখযোগ্য যে, জিলাখনৰ মুঠ ৬১ খন চাহ বাগিচাৰ ভিতৰত ৩৪ খনে বোনাচ প্রদান সন্দৰ্ভত...