October 30, 2024 8:24 PM

views 26

চৰাইদেউত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ সভা

কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা উপলক্ষে অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হ'ব। চৰাইদেউ জিলাতো বিভিন্ন কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ বিভিন্ন দিশ আৰু প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ বাবে আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। তেওঁ জিলাবাসীক ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বাবে প্ৰধানমন্...