January 13, 2025 11:05 AM
12
বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান
ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ হৈ আনুষ্ঠানিক স্বীকৃতিপত্র গ্রহণ কৰিবলৈ যোৱানিশা নতুন দিল্লীৰ পৰা ইতিমধ্যে পেৰিছ অভিমুখে ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত সাংবাদিকসকলৰ আগত কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি পোৱা চৰাইদেউ মৈদাম অসমৰ গৌৰৱ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে উত্তৰ পূৰ্...