January 9, 2026 12:55 PM
14
বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ
বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পুৱা মহোৎসৱৰ মুখ্য তোৰণ উদঘাটন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যিক পুৰাত্তত্ব বিভাগৰ সঞ্চালিকা ড° দীপিৰেখা কুলীয়ে মহোৎসৱৰ গ্ৰন্থ, বস্ত্ৰ আৰু কৃষিমেলা উদ্বোধন কৰিব। ইয়াৰ পাছতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন...