December 24, 2024 8:33 PM

views 19

চৰাইদেউৰ চৰকাৰী চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাত জন্মগ্ৰহণ কৰা কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা প্ৰদান

ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলা চিকিৎসালয়ত যোৱা ৪৮ ঘণ্টাৰ ভিতৰত জিলাখনৰ চৰকাৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতক কন্যা শিশুৰ মাতৃক একোটিকৈ উপহাৰৰ টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কন্যা শিশু, নাৰী সৱলীকৰণ আৰু লিংগ সমতাৰ বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন চৰকাৰী আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে।