December 12, 2024 12:10 PM

views 27

চৰাইদেউত ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন

চৰাইদেউ জিলাৰ সমাজকল্যাণ বিভাগৰ উদ্যোগত আৰু মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কালি জিলাখনৰ ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰ পৰা সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এই অংগনৱাড়ী কেন্দ্ৰসমূহলৈ ২৫ লাখ টকাকৈ আবণ্টন দিছে। আধাৰশিলা স্থাপন কাৰ্যসূচী মাহমৰা উন্নয়নৰ কেন্দ্ৰৰ বিষয়াকে শিশু উন্নয়ন বিষয়া আৰু বিভাগীয় লোক উপস্থিত থাকে।