June 29, 2024 8:53 PM

views 18

চৰাইদেউ জিলা ভ্রমণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠক

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চৰাইদেউ জিলা ভ্রমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হৈ আয়ুক্তৰ কাৰ্যালয়ত খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্রামোন্নয়ন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়া উপস্থিত থাকে।