January 9, 2026 8:11 PM

views 19

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ উদ্বোধন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকর্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্...