December 12, 2025 11:45 AM

views 19

চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ চতুর্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্রহণ কৰিব। মেলাত হাতেবোৱা কাপোৰ, বাঁহ-বেতেৰে নির্মিত সামগ্রী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্রী, কাঁহৰ সামগ্রী, পৰম্পৰাগত অসমীয়া গহণা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্রী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হ'ব। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজ-পাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তর্ক আৰু চিত্রাংক...