August 22, 2024 12:03 PM

views 19

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেণৰ নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চম্পাই চোৰেণে কালি দলৰ ভিতৰচ'ৰাত উত্তেজনা বৃদ্ধিৰ মাজতে নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে। শ্ৰীচোৰেণে কয় যে কৰ্মীসকলৰ সৈতে আলোচনাৰ পাছত নতুন দলটোৰ নাম ঘোষণা কৰা হ'ব। নিজৰ গৃহ সমষ্টি চৰাইকেলা-খাৰছাৱানত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ নতুন মিত্ৰতাৰ বাবে আৰু একে মনোভাৱৰ দলৰ সৈতে বুজাবুজি কৰিবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে । জে এম এমৰ নেতাৰ ওচৰত অপমানিত হোৱা বুলি প্ৰকাশ কৰাৰ পাছত তেওঁ নিজৰ পৰিকল্পনাত দৃঢ় বুলি জানিবলৈ দিয়ে।