August 27, 2024 11:15 AM

views 11

বিজেপিত যোগ দিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এমৰ জ্যেষ্ঠ নেতা চম্পাই চোৰেনে অহা ৩০ আগষ্টত ৰাঁচিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। বিজেপিৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ সহপ্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। ড০ শৰ্মাৰ সৈতে শ্ৰী চোৰেনে কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে জে এম এমৰ নেতৃত্বই তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।