November 22, 2024 6:48 PM

views 27

অসম ঔদ্যোগিক উন্নয়ন নিগমলৈ ৰাষ্ট্ৰীয় বঁটা

ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রীয়ে অসম ঔদ্যোগিক উন্নয়ন নিগমক সন্মানিত কৰিছে। স্বচ্ছতাৰ প্ৰতি দায়বদ্ধতা আৰু পৰিৱেশৰ বহনক্ষমতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগমে এই বঁটা লাভ কৰে। ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডলৈ গৌৰৱ কঢ়িয়াই অনা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়া আৰু কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।