October 30, 2024 12:33 PM October 30, 2024 12:33 PM
3
‘ভাষা গৌৰৱ সপ্তাহ’ পালনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ উদযাপনৰ অৰ্থে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি ভাষা গৌৰৱ সপ্তাহ পালন কৰা হ'ব। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰবাসী অসমীয়াসকলক অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু ৰাজ্যখনৰ জীৱন্ত ভাষিক বৈচিত্ৰ্যতাৰ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ...