June 22, 2024 8:55 PM
19
এনটিএৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ন্যায্য পৰিচালনাৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ স্বচ্ছ, নিকা আৰু ন্যায্য পৰিচালনাৰ বাবে এখনি উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছে। ইছৰোৰ অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণৰ অধ্যক্ষতাত গঠিত এই সাতজনীয়া সমিতিখনৰ এনটিএৰ পৰীক্ষা প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা বৃদ্ধি, তথ্য সুৰক্ষাৰ প্রটোকল উন্নত কৰা, পেনেলৰ বৰ্তমানৰ প্ৰক্ৰিয়াসমূহৰ মূল্যায়ন কৰা আদি দায়িত্ব প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি সমিতিখনে বৰ্তমানৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ মূল্যায়ন কৰি উন্নীতকৰণৰ কামতো আগভাগ ল'...