January 17, 2025 8:32 PM

views 11

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ তীক্ষ্ণ দৃষ্টি

কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত এই বিষয়ে প্রকাশ কৰি কয়, যে গ্রাহকসকললৈ উচিত মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাসমূহৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যমান সুস্থিৰ ৰখাৰ বাবে ঘৰুৱা উৎপাদনক উদগণি দিয়াও অন্যতম। মুখপাত্ৰগৰাকীয়ে কয়, যে চলিত বিত্তীয় বছৰত দেশত দাইল আৰু পিঁয়াজৰ উৎ...