September 14, 2024 8:43 PM

views 12

সুলভ মূল্যত উপভোক্তাসকলক পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্ৰহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগি কাম কৰি আছে ৷ দেশৰ প্ৰতিটো পৰিয়াললৈ বহনসাধ্য মূল্যৰ পিঁয়াজৰ যোগান সুনিশ্চিত কৰাটো চৰকাৰৰ উদ্দেশ্য বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰ পিঁয়াজৰ মূল্যৰ ও...