December 7, 2024 12:29 PM
6
তামিলনাডুত ঘূর্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকৰ সহায়ৰ বাবে ৯৪৪.৮০ কোটি টকা মুকলিৰ প্ৰস্তাৱত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন
কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে ঘূর্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা তামিলনাডুলৈ ৯৪৪ কোটি ৮০ লাখ টকা মুকলি কৰি দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্রালয়ে প্ৰকাশ কৰা মতে আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ মূল্যায়ন প্রতিবেদন লাভ কৰাৰ পিছতে ফেনজেল প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অতিৰিক্ত সাহায্য মুকলি কৰা হ'ব। ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে তামিলনাডু আৰু পুডুচেৰীলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছে। সা...